Local, Vocal, Global

WATCH | World Health Day : আজি বিশ্ব স্বাস্থ্য দিৱস

সোণাৰি,৭এপ্ৰিল : আজি বিশ্ব স্বাস্থ্য দিৱস । বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে সোণাৰি মহাবিদ্যালয় আৰু চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত সোণাৰি মহাবিদ্যালয়ত এক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়(World Health Day)।

শিবিৰৰ আৰম্ভণিতে আয়োজন কৰা স্বাস্থ্য সজাগতা সভাত চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জ্যোতিৰ্ময় শৰ্মা বৰুৱা, সোণাৰিৰ জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ পল্লৱ মহন্ত, এন এইচ এমৰ জিলা আঁচনি পৰিচালক অভিজিত শৰ্মা, সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমল গগৈ আদি উপস্থিত থাকি ভাষণ দিয়ে।

ইয়াৰ পিছত ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়।

লগতে পঢ়ক : WATCH | Heated situation: কলিয়াবৰৰ বৰভগীয়াত উত্তপ্ত পৰিস্থিতি