Local, Vocal, Global

WATCH | Rongali Bihu 2025: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী

জামুগুৰিহাট, ৭এপ্ৰিল : অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ঢ়োল পেঁপাত মাতত ৰজনজনাইছে চৌদিশ। ৰাজ্যৰ আন প্ৰান্তৰ লগতে শোণিতপুৰৰ চাৰিদুৱাৰত চলিছে বিহু নাচৰ কৰ্মশালা(Rongali Bihu 2025)।

শোণিতপুৰৰ চাৰিদুৱাৰত বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চাৰিদুৱাৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত ২১ দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।

কৰ্মশালা খনিত বৃহত্তৰ চাৰিদুৱাৰ অঞ্চলৰ প্ৰায় ২৫০ ৰো অধিক শিশু কিশোৰ,কিশোৰী আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰি প্ৰশিক্ষন গ্ৰহন কৰা পৰিলক্ষিত হৈছে।