Watch | Women missing in Dibrugarh : বিবাহিত কন্যাৰ সৈতে বজাৰ কৰিবলৈ গৈ সন্ধানহীন বোৱাৰী

ডিব্ৰুগড়,৬এপ্ৰিল : ডিব্ৰুগড় জিলা খোৱাঙৰ এগৰাকী বোৱাৰী যোৱা ৪ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে । খোৱাঙৰ দুলীয়াবাম গাঁৱৰ অনামিকা গগৈ নামৰ ৩২ বছৰীয়া বোৱাৰী গৰাকী বিয়া দিয়া কন্যাৰ সৈতে ৪ এপ্ৰিলত বৰবৰুৱাত বজাৰ কৰিবলৈ বুলি ওলাই গৈছিল(Women missing in Dibrugarh)।
বজাৰ কৰি ঘূৰি আহোতে কন্যা স্বামী গৃহত বাছৰ পৰা নামি দিয়াৰ পিছত ঘৰ নাপালেগৈ মাতৃ অনামিকা গগৈ । ফোনত এটা সময়ৰ লৈকে যোগাযোগ হৈছিল যদিও পিছত বোৱাৰী গৰাকীৰ ফোন চুইচ অ’ফ হয় ।
স্বামী-পুত্ৰ, শাহু-শহুৰ সৈতে সুখেৰে জীৱন নিৰ্বাহ কৰি বোৱাৰী গৰাকী সন্ধানহীন হৈ থকাত দুখত ভাগি পৰিছে পৰিয়ালটো । পৰিয়ালৰ লোকে ইতিমধ্যে বোৱাৰী গৰাকী সন্ধানহীন হৈ থকাৰ সন্দৰ্ভত খোৱাং থানাত এজাৰ দাখিল কৰিছে । কোনো লোকে বোৱাৰী গৰাকীৰ সন্ধান পালে 8638282006 নম্বৰত অথবা খোৱাং থানাৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।
লগতে পঢ়ক : WATCH | Heavy Storm : চৰাইদেউত প্ৰচণ্ড ধুমুহা-বৰষুণ