WATCH | Ashokashtami : আজি পৱিত্ৰ অশোকাষ্টমী; যোগীঘোপা জামুগুৰিহাটৰ জীয়াভৰলীৰ পাৰত হেজাৰ হেজাৰ ভক্তৰ সমাগম
জামুগুৰিহাট,৫এপ্ৰিল : আজি পৱিত্ৰ অশোকাষ্টমী। যোগীঘোপা জামুগুৰিহাটৰ জীয়াভৰলীৰ পাৰত হেজাৰ হেজাৰ ভক্তৰ সমাগম ।
জামুগুৰিহাটৰ জীয়াভৰলী দলঙৰ পশ্চিম প্ৰান্তৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত আজিৰে পৰা আৰম্ভ হৈছে অশোকাষ্টমী(গংগাস্নান)৷
বিগত বৰ্ষ সমুহৰ দৰেই এইবাৰো ৪,৫,৬,৭আৰু ৮ এপ্ৰিলত পাঁচ দিনীয়াকৈ অশোকাষ্টমী উপলক্ষে নদীত স্নান কৰি হেজাৰ হেজাৰ ভক্ত প্ৰান কাষত থকা মন্দিৰত পূজা অৰ্চনা কৰি নিজৰ লগতে সকলোৰে অপায় অমংগল দুৰ হোৱাৰ কামনাৰে আশীষ গ্ৰহন কৰা পৰিলক্ষিত হৈ আহিছে(Ashokashtami) ৷
অশোকাষ্টমী মেলা উপলক্ষে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ নদীৰ পাৰত হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে আইনসৃংখলা পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাও পৰিলক্ষিত হয়৷
লগতে পঢ়ক : WATCH | Lumding News: লামডিঙৰ শীতলা মেলাত অঘটন