Local, Vocal, Global

WATCH | Ranoj Pegu : একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল সন্দৰ্ভত কি ক’লে শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে ?

বিশ্বনাথ,৫এপ্ৰিল : শুকুৰবাৰে বিশ্বনাথৰ বিজেপিৰ কাৰ্যালয়ত ৰণোজ পেগু উপস্থিত হৈ দলীয় কৰ্মীৰ লগত এক বৈঠকত মিলিত হয় ৷

বৈঠকতৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাভা হাচংৰ দৰে পঞ্চায়ত নিবাৰ্চনৰ ফলাফল ভাল হ’ব৷ মিত্ৰ জোটঁকো চিট দিয়া হ’ব ,মিত্ৰ জোটঁক লৈ নিৰ্বাচন খেলিব৷

লগতে একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল সম্পৰ্কত মন্ত্ৰীগৰাকী কয় যে ১৫ মে’ ৰ আগত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে পৰীক্ষা পতা সম্ভৱ নহয় আৰু পিছত হ’লে পলম হৈ যাব সেয়ে বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ ইউনিট টেষ্ট বা ছয়মহীয়া পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নম্বৰ প্ৰদান কৰিব আৰু ছাত্ৰ-ছাত্ৰী সকলে দ্বাদশ শ্ৰেণীত নাম ভৰ্ত্তি কৰিব পাৰিব বুলি মন্তব্য কৰে(Ranoj Pegu) ৷

লগতে পঢ়ক : WATCH | Teok News : বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথলৈ সংস্কৃতি সাধনা বঁটা-২০২৫