Local, Vocal, Global

WATCH | Teok News : বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথলৈ সংস্কৃতি সাধনা বঁটা-২০২৫

টীয়ক,৫এপ্ৰিল : বিশিষ্ট সংগীত শিল্পী জয়ন্ত নাথলৈ সংস্কৃতি সাধনা বঁটা-২০২৫।

উজনি অসমৰ অন্যতম শাস্ত্ৰীয় সংগীত শিক্ষানুষ্ঠান মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়ে সফলতাৰে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। এই উপলক্ষ্যে বৰ্ষজোৰাকৈ অনুষ্ঠিত কৰিবলৈ লোৱা ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানটি মুদৈজান কমলাবাৰী শাখা সত্ৰৰ প্ৰাংগণত শুক্ৰবাৰে বিয়লি গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত কৰা হয়(Teok News)।

উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলে বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে অসমৰ প্ৰবীণ সংগীত শিল্পী তথা বোলছবি পৰিচালক জয়ন্ত নাথক মহাবিদ্যালয়খনে প্ৰতি বছৰে প্ৰদান কৰি অহা “সংস্কৃতি সাধনা বঁটা “আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।ইপিনে মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ ভুঞা বৰবায়নে আঁতধৰা উক্ত অনুষ্ঠানত অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সাৰংগপাণি বৰদলৈ, অধ্যাপিকা জিকুমণি গোস্বামী,সত্ৰৰ বুঢ়াভকত উপেন বৰাকে অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

লগতে পঢ়ক : WATCH | Ashokashtami : আজি পবিত্ৰ অশোকাষ্টমী;অশোকাষ্টমী উপলক্ষে ব্ৰহ্মপুত্ৰত স্নান ভক্তৰ