WATCH | Self Reliance through Farming: জামুগুৰিহাটত কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন নিবনুৱা যুৱকৰ
জামুগুৰিহাট,৫এপ্ৰিল : জামুগুৰিহাটত কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন নিবনুৱা যুৱকৰ৷ দহ বিঘা পৰিত্যক্ত কৃষিভুমিত ৰঙালাও খেতি কৰি উপাৰ্জন কৰিছে যথেষ্ট ধন ৷
জামুগুৰিহাটৰ বামুনিপাম পাটগাঁৱৰ চাৰি গৰাকী নিৱনুৱা যুৱক ৰঙালাও খেতি কৰি স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে(Self Reliance through Farming) ৷
অঞ্চলটোৰ শিক্ষিত নিৱনুৱা যুৱক মন্টু নৰহ, প্ৰশান্ত লিংকু , বাবুল মিলি আৰু ৰূপম নৰহে দহবিঘা মাটিত জৈৱিক পদ্ধতিৰে ৰঙালাও খেতি কৰি সফলতা অৰ্জন কৰিছে ৷
কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে এই চাৰি গৰাকী শিক্ষিত নিৱনুৱাই পৰিয়ালৰ সৈতে ঘৰতে থাকি কৃষি কৰ্মৰ জৰিয়তে নিজকে স্বাৱলম্বী ৰূপে গঢ়ি তুলি পৰিয়াল ভৰন পোষনৰ পথ মুকলি কৰি লৈ আন নিৱনুৱা সকলৰ সন্মুখত এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷
বৰ্তমানলৈকে ১০ বিঘা মাটিত উন্নত প্ৰজাতিৰ ৰঙালাও খেতি কৰি উৎপাদিত এই ৰঙালাও সমুহ বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হোৱা চাৰি যুৱকে এনেদৰেই উন্নত প্ৰজাতিৰ ৰঙালাও খেতি ৩০ বিঘালৈ সম্প্ৰসাৰনৰ যোজা চলাইছে৷ “পথাৰ আমাৰ বজাৰ আমাৰ” এই শ্লগান লৈ আগবঢ়া যুৱ কৃষক কেইগৰাকীয়ে আন নিবনুৱা সকলকো কৃষি কৰ্ম্মৰ জৰিয়তেই নিজক স্বনিৰ্ভৰশীল কৰি তুলিৱলৈ আহৱান জনাইছে ৷
লগতে পঢ়ক : WATCH | Nalbari News : বৰক্ষেত্ৰীৰ কাপলাবড়ীত পানীত পৰি অকাল মৃত্যু কিশোৰীৰ