Local, Vocal, Global

WATCH |Jamugurihat News: নদুৱাৰৰ বালিজুৰিত বিহু কৰ্মশালাৰ সফল সামৰণি

জামুগুৰিহাট,৪এপ্ৰিল : নদুৱাৰ অঞ্চলৰ বালিজুৰি চাৰিগাঁও যুৱ সমাজৰ উদ্যোগত বৃহত্তৰ বালিজুৰিবাসী ৰাইজৰ সহযোগত যোৱা ২৫ মাৰ্চৰ পৰা দহ দিনিয়াকৈ অনুষ্ঠিত হোৱা বিহু কৰ্মশালা আজি সফল সামৰণি ৷

১০দিন ধৰি ঢোল,পেপা আৰু গগনাৰ মাতত ৰজনাই থাকি নাচনীৰ ককালভঙা নাচে শুৱনী কৰি থকা কৈলাশপুৰ খেলপথাৰ আজি যেন নিস্তব্ধ হৈ পৰিল(Jamugurihat News)৷

বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেটামানহে দিন বাকী৷ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষন প্ৰদান কৰা এই বিহু কৰ্মশালা খনিত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শতাধিক কন কন শিশু,কিশোৰ,কিশোৰী আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰি ঢোল বাদন,পেপা বাদন, বিহু নাম, জাপি নাচ, কাঁহী নাচ আদিৰ প্ৰশিক্ষন গ্ৰহন কৰা পৰিলক্ষিত হয়৷

বালিজুৰিৰ কৈলাশপুৰ খেলপথাৰত অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে সমাজকৰ্মী লাল বাহাদুৰ লিম্বু,নাৰায়ণ থাপা, জান শইকীয়া, লক্ষী শইকীয়া, যোগাই শইকিয়া আৰু দেৱ বৰা আদিকে ধৰি গন্যমান্য ব্যক্তি সকলে৷বিহু কৰ্ম্মশালাৰ এই সামৰণি অনুষ্ঠানটিতে চাৰিগাঁও যুৱক সমাজৰ তফৰ পৰা প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ প্ৰমানপত্ৰও প্ৰদান কৰা হয় ৷

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা