WATCH | Gelakey News : আমগুৰি নামতিৰ ৭৯৭ নং ধোদৰ আলি প্ৰাথমিক বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠান
গেলেকী,৪এপ্ৰিল : আমগুৰি নামতিৰ ৭৯৭ নং ধোদৰ আলি প্ৰাথমিক বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠান । বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ।
শিৱসাগৰ জিলাৰ আমগুৰিৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৃহত্তৰ নামতি অঞ্চলৰ এখন আগশাৰীৰ চৰকাৰী শিক্ষানুষ্ঠান ৭৯৭ নং ধোদৰ আলি প্ৰাথমিক বিদ্যালয়
বিদ্যালয়খনত এপ্ৰিলৰ পৰা আৰম্ভ হৈছে নতুন শিক্ষা বৰ্ষ । আজি ধোদৰ আলি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠান।এই উৎসৱ বিদ্যাৰম্ভৰ লগত সংগতি ৰাখি বিদ্যালয়খনত দিনযোৰা কাৰ্যসূচীৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে প্ৰধান শিক্ষক তুবুল আলীয়ে(Gelakey News)।
কাৰ্যসূচী অনুসৰি পুৱা ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা নামতিত এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
ইয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে ॥উল্লেখ্য যে আজিৰ অনুষ্ঠানত বিদ্যালয় খনৰ দুগৰাকী ছাত্ৰী সাংবাদিকৰ ৰূপত অৱত্তীৰ্ণ হোৱাৰ লগতে দুজন ছাত্ৰ কেমেৰা পাৰ্চনৰ ৰূপত অৱতীৰ্ণ হৈ বাতৰি সংগ্ৰহ কৰাৰ ব্যতিক্ৰমী দৃশ্যই সকলোকে আপ্লুত কৰি তুলে।
আজিৰ অনুষ্ঠানত প্ৰাথমিক শিক্ষা বিভাগৰ বিভিন্ন বিষয়া সকল উপস্থিত থাকে ।
লগতে পঢ়ক : WATCH | Waqf Amendment Bill: ৱাকফ সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত আমছুৰ তীব্ৰ প্ৰতিবাদ