WATCH | Waqf Amendment Bill: ৱাকফ সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত আমছুৰ তীব্ৰ প্ৰতিবাদ

বিলাসীপাৰা,৪এপ্ৰিল : ৱাকফ সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত আমছুৰ তীব্ৰ প্ৰতিবাদ।
বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত আৰু বিভিন্ন আঞ্চলিকৰ সহযোগত বিলাসীপাৰা গান্ধী চকত সাব্যস্ত কৰে এই প্ৰতিবাদ।
মুখত ক’লা কাপোৰ বান্ধি আৰু বিধেয়খনৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিলাসীপাৰা জিলা আমছুয়ে(Waqf Amendment Bill)।
এই আইন সংখ্যালঘু লোকৰ অধিকাৰ খৰ্ব কৰা এই আইন মানি নলয় সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে।
যদি এই মুছলমান বিৰোধী আইন বাতিল নহয় তেন্তে পৰবৰ্তী সময়ত ইয়াতকৈ আৰু অধিক ভয়ানক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে বিলাসীপাৰা জিলা আমছুৰ সভাপতিয়ে।
লগতে পঢ়ক : WATCH | Sensational incident : বিদ্যালয়ৰ ভিতৰতে দশম শ্ৰেণীৰ ছাত্ৰীক যৌন আতিশয্য