WATCH | Bohag Bihu 2025: সোণাপুৰৰ যোৰাবাটত বিহু নাচৰ কৰ্মশালা

সোণাপুৰ,৩এপ্ৰিল : হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী। সমগ্ৰ ৰাজ্যতে এতিয়া ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। সমগ্ৰ ৰাজ্যৰ বিভিন্ন স্থানত বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ সোণাপুৰৰ যোৰাবাটত আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা(Bohag Bihu 2025)।
অসম সংগ্ৰামী যুৱ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰাবাট উন্নয়ন সমিতিৰ সহযোগত যোৰবাট প্ৰাথমিক বিদ্যালয় প্ৰাংগনত পোন আজিৰে পৰা আৰম্ভ হৈছে বিহু নাচৰ কৰ্মশালা ।
উল্লেখযোগ্য যে, আজিৰে পৰা ১৩ এপ্ৰিললৈ অনুষ্ঠিত হব উক্ত বিহু কৰ্মশালাখনি । প্ৰায় অৰ্দ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় উক্ত কৰ্মশলাত । আনহাতে,আজিৰ এই কৰ্মশালাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ৰাইজ।
লগতে পঢ়ক : WATCH | Road Accident : এক শোকাৱহ দুৰ্ঘটনাত নিহত মাতৃ-পুত্ৰ