Local, Vocal, Global

WATCH | Rongali Bihu : জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বাজিছে ২০০ বছৰীয়া আপুৰুগীয়া পেঁপা

জামুগুৰিহাট,৩এপ্ৰিল : জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বাজিছে ২০০ বছৰীয়া আপুৰুগীয়া পেঁপা ৷ বজাই দেখুৱালে ৯০ উৰ্দ্ধৰ সোন বৰুৱা ককাই(Rongali Bihu) ৷

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি । ইয়াৰ মাজতে কিন্তু থমকি ৰোৱা নাই হাটিঙা ৰামপুৰৰ ৯০ উৰ্দ্ধৰ সোণ বৰুৱা ককাৰ পেপাৰ গুমগুমনি । আজো ককাৰ দিনৰ ২০০ বছৰীয়া পেপাটি সযতনে ৰাখি থৈছে সোণ বৰুৱা ককাই ।

বিহু বুলিলেই ককাৰ হেনো গা সাতখন আঠখন হৈ উঠে । যৌৱন কালৰ স্মৃতি ৰোমন্থন কৰি সোণ ককাই জীৱনৰ বিয়লি বেলাতো ঘৰৰ পদূলিতে বহি পেপা বজাই ৰঙালী বিহুটিক আদৰণি জনোৱা দেখা গৈছে।

লগতে পঢ়ক : WATCH | Massive fire breaks out:দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ অগ্নিকাণ্ড