Local, Vocal, Global

WATCH | Panchayat Election 2025: ঘোষণা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন বাৰ; ২ মে’ আৰু ৭ মে’ত ৰাজ‍্যত পঞ্চায়ত নিৰ্বাচন

নিউজ ডেস্ক,২এপ্ৰিল : ঘোষণা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন বাৰ।

২ মে’ আৰু ৭ মে’ত ৰাজ‍্যত পঞ্চায়ত নিৰ্বাচন।

১১ মে’ত ফলাফল ঘোষণা(Panchayat Election 2025)

দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোট।

প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকা অনুষ্ঠিত হ’ব নিৰ্বাচন।

বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব নামনি অসমত।

পঞ্চায়ত নিৰ্বাচনত EVM ব্যৱহাৰ নহয়। বেলট পেপাৰতে অনুষ্ঠিত হ’ব নিৰ্বাচন। অৱশ্যে বিভিন্ন দিশত থাকিব অনলাইন ব্যবস্থা।

নিৰ্বাচনৰ দিনটোত ভোটিং পাৰচেণ্ট অনলাইন যোগে জানিব পাৰিব। কোন বেলট বক্স ক’ত যাব সকলোবোৰ অনলাইন ব্যৱস্থাৰ জৰিয়তে জানিব পৰা যাব।

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৩ এপ্ৰিলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। মনোনয় পত্ৰ দাখিলৰ অন্তিম দিন ১১ এপ্ৰিল।

মনোনয়ন পত্ৰ পৰীক্ষণৰ দিন ১২ এপ্ৰিল। আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন ১৭ এপ্ৰিল।

পুৱা ৭:৩০ বজাৰ পৰা ৩:৩০ বজালৈ অনুষ্ঠিত হ’ব ভোট গ্ৰহণ।

ৰাজ্যত আছে ২০,১৯৩ গাঁও পঞ্চায়ত। ১৮১খন আঞ্চলিক পঞ্চায়ত আৰু ৩৯৭ খন জিলা পৰিষদৰ বাবেও অনুষ্ঠিত হ’ব নিৰ্বাচন।

লগতে পঢ়ক : WATCH | Jorjat News : ”মই ছাৰক লগ কৰিমেই, মোৰ দেউতাই পেন্সন পাবই লাগিব, ছাৰক মই লগ কৰিমেই”