Local, Vocal, Global

WATCH | Rongali Bihu 2025 : সমাগত হেঁপাহৰ ৰঙালী বিহুক লৈ ব্যস্ত নলবাৰীৰ লোকবাদ্য শিল্পী

নলবাৰী,২এপ্ৰিল : সমাগত হেঁপাহৰ ৰঙালী বিহুক লৈ ব্যস্ত নলবাৰীৰ লোকবাদ্য শিল্পী। ৰঙালীক আদৰিবলৈ সাজু বিভিন্ন প্ৰান্তত বাস কৰা প্ৰতিজন অসমীয়া লোক। ৰাজ্যখনৰ ঠায়ে-ঠায়ে অনুষ্ঠিত হৈছে বিহু কৰ্মশালাৰো । একেদৰে ৰঙালী বিহুৰ প্ৰাকমুহুৰ্তত ব্যস্ততা বাঢ়িছে নলবাৰীৰ প্ৰতিজন লোকবাদ্য শিল্পীৰ(Rongali Bihu 2025) ।

নলবাৰী জিলাৰ টিহুৰ হাৰিভাঙ্গাৰ লোকবাদ্য শিল্পী উপেন ডেকাইও সাজু কৰি তুলিছে ম’হৰ শিঙৰ পেপা, গগণা, বাহৰ টোকা আদি ।

উল্লেখ্য যে সুদীৰ্ঘ ১২ বছৰ ধৰি উপেন ডেকাই সাজি আহিছে এনে ধৰণৰ সামগ্ৰীসমূহ । ডেকাই সাজি উলিওৱা লোকবাদ্যসমূহ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে ক্ৰয় কৰি আহিছে বুলিও জনাইছে উপেন ডেকাই। নিজৰ গেৰেজতে বিহুৰ প্ৰাকক্ষণত এইসমূহ সামগ্ৰীৰ নিৰ্মাণ কৰি আছে উপেন ডেকাই।

লগতে পঢ়ক : WATCH | Gelakey News : ঐতিহাসিক ধোদৰ আলিৰ ওপৰত থকা পকী দলঙত বিপদজনক অৱস্থা