Local, Vocal, Global

WATCH | Dhemaji News : আজিৰে পৰা মিচিং ভাষাত পাঠদান আৰম্ভ

ধেমাজি,২এপ্ৰিল : আজিৰে পৰা মিচিং ভাষাত পাঠদান আৰম্ভ ।

মিচিং স্বায়ত্ত্ব পৰিষদৰ এলেকাৰ অধীনত ৰাজ্যৰ ১১ খন জিলাৰ প্ৰায় ২০০ খন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত কৰা হ’ব পাঠদান ।

অসম চৰকাৰৰ শিক্ষা বিভাগে মিচিং ভাষাক প্ৰথম পৰ্যায়ত প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰা কাৰ্যক উষ্ম আদৰণী জনাই আজিৰ পৰাই আনুষ্ঠানিক ভাৱে মিং মাং সৰীয়নি প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰা হয় পাঠদান(Dhemaji News)।

আজি উক্ত শুভ খনত মিচিং জনগোষ্ঠীৰ পৰম্পৰা নীতি নিয়ম মাজেৰে মিচিং শিক্ষক আদৰণী আনি মুকলি সভা অনুষ্ঠিত কৰা হয়।

মিচিং সমবেত সংগীতে মুকলি সভা আৰম্ভনী কৰি মিচিং ৰাইজক আগুৱাই নিয়া ক্ষেত্ৰ গুৰুত্বপূৰ্ণ ভাৱে আলোচনা কৰা হয়।

আজি উক্ত অনুষ্ঠানত TMPK কেন্দ্ৰীয় সমিতি কাৰ্যনিৰ্বাহ সদস্য সঞ্জীৱ মিলি লগতে শিক্ষক সকল অঞ্চল টোৰ একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল ৰাইজ সকল উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | Wood Smuggling : কাকপথাৰত জব্দ চোৰাং কাঠৰ গাড়ী