Local, Vocal, Global

WATCH | Bilasipara News : পদ ত্যাগৰ ১২ ঘন্টাৰ ভিতৰত লক্ষীকান্ত নাথে নিজৰ ভুল বুজি পাই পুনৰ সম্বোধন কৰে সংবাদমেল

বিলাসীপাৰা,২মাৰ্চ : প্ৰসংগ বিলাসীপাৰাত কংগ্ৰেছ নেতাৰ পদ ত্যাগ পত্ৰ আৰু পদ ত্যাগ প্ৰত্যাহাৰ। চাপৰ-শালকোচা ব্লক কংগ্ৰেছৰ সভাপতি লক্ষীকান্ত নাথৰ পদ ত্যাগ পত্ৰ আছিল এপ্ৰিল ফুল- ঘোষণা APCC ৰ সম্পাদক অমৃত বাদশাৰ।

উল্লেখ্য যে যোৱা কালি চাপৰ-শালকোচা ব্লক কংগ্ৰেছৰ সভাপতি লক্ষীকান্ত নাথে আবেগিক হৈ কংগ্ৰেছ দলৰ পৰা পদ ত্যাগ কৰিছিল। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত লক্ষীকান্ত নাথৰ পদ ত্যাগ পত্ৰই সমগ্ৰ ধুবুৰী জিলাত বিশেষ চৰ্চা লাভ কৰিছিল। কিন্তু পদ ত্যাগৰ ১২ ঘন্টাৰ ভিতৰত লক্ষীকান্ত নাথে নিজৰ ভুল বুজি পাই পুনৰ সম্বোধন কৰে সংবাদমেল। সংবাদমেলত লক্ষীকান্ত নাথে কয় যে- পদ ত্যাগৰ সিদ্ধান্তটো ভুল আছিল(Bilasipara News)।

সেয়া মই আবেগিক হৈ কৰিছিলো যদিও এতিয়া মই মোৰ পদ ত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিছো। ইতিমধ্যে মই মোৰ পদ ত্যাগ প্ৰত্যাহাৰ পত্ৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিছোঁ। ইফালে কংগ্ৰেছ নেতাৰ এই পদ ত্যাগ আৰু পদ ত্যাগ প্ৰত্যাহাৰৰ বিষয়টোক এপ্ৰিলফুল আখ্যা দিছে APCC ৰ সম্পাদক অমৃত বাদশাই।

এই সংবাদ মেলতেই কংগ্ৰেছ নেতা অমৃত বাদশাৰ ঘোষণা- এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল দেখুৱাব কংগ্ৰেছে। ২৬ ৰ বিধিনসভা নিৰ্বাচনত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি সংবাদমেলত ঘোষণা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক অমৃত বাদশাই।

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটত মুখ্যমন্ত্ৰীৰ বিশাল জনসভাত অংশগ্ৰহণ