WATCH | Dergaon News : দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা;আহত ৩জন
দেৰগাঁও,২মাৰ্চ : পুনৰ দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমী সমীপত দুখনকৈ বাইকৰ মাজত ভয়ংকৰ সংঘৰ্ষ।
সংঘৰ্ষত তিনিজন কৈ বাইক আৰোহী গুৰুতৰভাৱে আহত। আহত লোক তিনিজনৰ দুজনৰ অৱস্থা অতিকৈ সংকতজনক ৷ দুৰ্ঘটনাত আহত লোককেইজনৰ এজন আৰোহীৰ নাম কৃষ্ণ আৰু তেওঁৰ ঘৰ দেৰগাঁও নেঘেৰিটিংত। আন দুজনৰ পৰিচয় এই মূহূৰ্তলৈকে জানিব পৰা হোৱা নাই(Dergaon News)।
জানিব পৰা মতে, যোৰহাট দিশৰ পৰা তীব্ৰ বেগত অহা R5 নামৰ বাইক খনে পথ অতিক্ৰম কৰিবলৈ লোৱা আন এখন বাইকক প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত দুইখন বাইকত অহা তিনিউজন আৰোহি চিটিকি পৰে। দুৰ্ঘটনা হোৱা বাইক দুখনৰ নম্বৰ As-01M/0579 আৰু আছে- As03AL-5949.
ঘটনাস্থলীত দেৰগাঁও যান বাহন আৰক্ষী উপস্থিত হয় আৰু তিনিওজন আৰোহীক সংকটজনক অৱস্থাত দেৰগাঁও সামূহিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : চতিয়াৰ চলাহোলাত থকা বিৰংগনা মূলাগাভৰু মৈদামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা