WATCH | Nagaon News : নগাঁৱত যক্ষ্মা ৰোগী সকলক বিনামূলীয়াকৈ পুষ্টিকৰ খাদ্য সামগ্ৰী বিতৰণ
নগাঁও, ২৯ মাৰ্চ : নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সভা কক্ষত চাৰিশ যক্ষ্মা ৰোগীৰ ভিতৰত বৰ্তমান ৫০ গৰাকী যক্ষ্মা ৰোগীক আজি একোটাকৈ পুষ্টিকৰ খাদ্য সামগ্ৰীৰ টোপোলা যোগান ধৰা হয়৷ আনহাতে অহা এসপ্তাহৰ ভিতৰত বাকী ৩৫০ গৰাকী ৰোগীক খাদ্য সামগ্ৰী টোপোলা যোগান ধৰা হ’ব(Nagaon News)৷
জানিব পৰা মতে, প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্ত অভিযানৰ অধীনত বৰ্তমান সময়ত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা যক্ষ্মা ৰোগক সৰ্বভাৰততে নিমূৰ্ল কৰা স্বাৰ্থত নগাঁও জিলা যক্ষ্মা বিষয়াৰ উদ্যোগত আৰু কাৰ্ছনা ডায়গনিষ্ট এল,টি,ডিৰ প্ৰচেষ্টাত আজি এই কাৰ্য্যসূচী হাতত লোৱা হয়৷সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি জিলা যক্ষ্মা বিষয়া ডাঃ গুলজাৰ হুছেইনে কয় – যক্ষ্মা ৰোগী সকলে এতিয়া চিকিৎসা ক্ষেত্ৰত চিন্তা কৰা কোনো কাৰণ নাই ৷
উন্নত প্ৰযুক্তি জৰিয়তে বৰ্তমান যক্ষ্মা ৰোগক সম্পূৰ্ণ ভাৱে নিৰাময় কৰিব পাৰি৷ তাৰ বাৱে আমি জনসাধাৰণৰ সজাগ হব লাগিব বুলি কৈ এক সমগ্ৰ নগাঁও বাসী ৰাইজলৈ ইতিবাচক বাৰ্তা আগবঢ়াই৷ উল্লেখ যে সভাত সহকাৰী আয়ুক্ত অৰুণাভ চৌধুৰী,ভোগেশ্বৰী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ভূপেন বৰা ,জেষ্ঠ চিকিৎসক ডাঃ দিলীপ শৰ্মা, কাৰ্ছনা ডায়গনিষ্ট হৈ ব্যৱস্থাপনা সঞ্চালক মনোজ কুমাৰ তিমচিনা ,সহকাৰী পৰিচালক পাৰ্থ প্ৰতীম বৰঠাকুৰকে আদি কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক : WATCH | Sonapur News : সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেন ইংতিৰ প্ৰতিক্ৰিয়া