WATCH | Moirabari News : মৈৰাবাৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰিজন জুৱাৰীক
মৈৰাবাৰী,২৯মাৰ্চ : মৈৰাবাৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰিজন জুৱাৰী।
জুৱাৰী কেইজন ক্ৰমে বৰচাপৰি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি শ্বৰিফ উদ্দিন, বৰথল কছাৰীগাৱৰ আলফাজ উদ্দিন ওৰফে বাবলু, হাতীমূৰীয়া গাঁৱৰ মুজিবুৰ ৰহমান আৰু হাহচৰা গাঁৱৰ হবিবুৰ ৰহমান।
জুৱাৰী কেইজনক গৰিয়াবড়ী গাঁৱৰ এখন পথাৰৰ মাজৰ পৰা পুৱতি নিশা জুৱা খেলি থকা অৱস্থাৰ পৰা মৈৰাবাৰী আৰক্ষীৰ এদল অভিযানকাৰী দলে খেদি খেদি কৰায়ত্ত কৰে(Moirabari News)।
জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে নগদ ৬২০০ টকা, ৬ টা ম’বাইল ফোন আৰু ৬ পেকেট টাছ পাত জব্দ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক : WATCH | Hajo News : হাজোৰ ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য