WATCH | Bohag Bihu 2025 : তিনিচুকীয়াৰ পেঙেৰীৰ টেকেৰীত পেঙেৰী-বৰডুমচা আঞ্চলিক যুৱক সংঘৰ উদ্যোগত বিহুনাচ, বিহুনামৰ কৰ্মশালা
ডুমডুমা,২৯মাৰ্চ : হেঁপাহৰ ৰঙালীলৈ মাজত কেইটামান দিন বাকী। ৰঙালীক আদৰিবলৈ ব্যস্ত ৰাজ্যবাসী ৷ কোনোবা যদি তাঁতৰ শালত ব্যস্ত কোনোবা আকৌ আঁখলত ব্যস্ত।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়াৰ পেঙেৰীৰ টেকেৰীত পেঙেৰী-বৰডুমচা আঞ্চলিক যুৱক সংঘৰ উদ্যোগত বিহুনাচ, বিহুনামৰ কৰ্মশালা ।
পিছ পৰি থকা নাই অসম অৰুণাচল সীমামূৰীয়া,বৰডুমচা,মহং, ফিল’বাৰী।ঢোল পেপাৰ মাতে ৰজন জনাইছে অসমৰ আকাশ বতাহ।ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু নাচ, ঢোল বাদন,পেপা বাদন, বিহু নামৰ আখৰা(Bohag Bihu 2025) ।
পেঙেৰীৰ টেকেৰিত পেঙেৰী-আঞ্চলিক যুৱক সংঘৰ উদ্যোগত, টেকেৰিবাসী ৰাইজৰ সহযোগত টেকেৰি প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা বিহুনাচ,বিহু নাম,গগনা বাদন, সুতুলি বাদন আখৰাৰ আজি সফল সামৰণি পৰে।
সামৰণি অনুষ্ঠানত কণ কণ মাইনী সকলে বিহু নাচ প্ৰদৰ্শন চাবলৈ স্থানীয় শতাধিক ৰাইজ উলাই আহে।উক্ত আখৰাত শতাধিক ছাত্ৰীয়ে কৰে অংশ গ্ৰহণ । আখৰাৰ প্ৰশিক্ষক হিচাপে স্থানীয় পাঁচ গৰাকী লোকে প্ৰশিক্ষণ প্ৰদান কৰে।
লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাট সাংবাদিক গ্ৰেপ্তাৰক লৈ উত্তাল প্ৰতিবাদ