Local, Vocal, Global

WATCH | Dibrugarh News : অনুসূচিত জাতিক চূড়ান্ত অপমান ৰাজ্য চৰকাৰৰ

ডিব্ৰুগড়,২৯মাৰ্চ : অনুসূচিত জাতিক চূড়ান্ত অপমান ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অসম বাজেটত উপেক্ষিত অনুসূচিত জাতি। পাঁচ হাজাৰ কোটি টকা পেকেজৰ দাবীত অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিধানসভা সদনত শেহতীয়াকৈ দাখিল কৰা অসম বাজেটত উপেক্ষিত হ’ল ৰাজ্যৰ অনুসূচিত জাতিৰ লোকসকল। ৰাজ্য চৰকাৰে অনুসূচিত জাতিক প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ অভিযোগ তুলি ডিব্ৰুগড়ত প্ৰতিবাদত বহিল অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ। আজি ডিব্ৰুগড় চৌকিডিঙ্গিত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে9Dibrugarh News)।

ৰাজ্য চৰকাৰে অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনিখন বিলুপ্তি ঘটোৱাৰ বিপৰীতে কোনো বিশেষ আঁচনি, প্রকল্প অথবা পেকেজ আদি নিৰ্ধৰণ কৰা নকৰাৰো অভিযোগ তুলিছে পৰিষদে। ঠিক সেইদৰে অনুসূচিত জাতিৰ সামাজিক, আর্থিক, শৈক্ষিক আৰু সাংস্কৃতিক উৎকর্ষ সাধন কৰাৰ কাৰণে বাজেটত পুঁজি আদি নিৰ্দ্ধাৰণ কৰা নহ’ল।

ইফালে ১১ মাৰ্চত পৰিষদে চচলৰ নিৰ্দ্ধাৰিত ধৰ্ণাস্থলীত এদিনীয়া ধর্ণা কাৰ্যসূচী, ২১ মাৰ্চ আৰু ২২ মাৰ্চত আমৰণ অনশন ৰূপায়ণ কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। ইমানৰ পিছতো বিষয়টো গুৰুত্ব প্রদান নকৰাৰ বাবে আজি পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত পুনৰ ডিব্ৰুগড় চহৰৰ চৌকিডিঙিত দিনজোৰা ‘অৱস্থান ধর্মঘট’ কাৰ্যসূচী ৰূপায়ণ কৰি ৯ দফীয়া দাবী সম্বলিত এখন।স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়ক : WATCH | Mangaldoi News : হঠাতে হাহাকাৰ পৰিস্থিতি দৰং আয়ুক্তৰ কাৰ্যালয়ত