Local, Vocal, Global

WATCH | Tiwa Cultural Festival : তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ক্ষেত্ৰীৰ টোপাতলীত আৰম্ভ হৈছে তিৱা মহোৎসৱ ২০২৫

সোণাপুৰ,২৯মাৰ্চ : শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ক্ষেত্ৰীৰ টোপাতলীত আৰম্ভ হৈছে তিৱা মহোৎসৱ ২০২৫।

তিৱা মহোৎসৱ পৰিচালনা সমিতিৰ উদ্যোগত, সদৌ তিৱা ছাত্ৰ সন্থা কামৰূপ মহানগৰ জিলা সমিতি আৰু বৃহওৰ কামৰূপ জিলা তিৱা ৰাইজৰ সহযোগত তিৱা জনগোষ্ঠীটোৰ ঐতিহ্য, পৰম্পৰা, ৰীতি নীতি, কৃষ্টি সংস্কৃতি, ঐক্য,শৈক্ষিক আৰু প্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি  তিৱা মহোৎসৱটি  উদযাপিত হৈছে(Tiwa Cultural Festival ) ৷ 

টোপাতলীৰ তিৱা ভাষা সাংস্কৃতিক গৱেষনা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই তিৱা মহোৎসৱ ৷

সংস্কৃতিপূৰ্ন তিৱা জনগোষ্ঠীৰ বিভিন্ন উৎসৱ পাৰ্বণ সমূহৰ ভিতৰত অন্যতম হৈছে ”  ফা – মাহাদেও ” উৎসৱ ৷

সেয়েহে তিৱা মহোৎসৱৰ লগত সংগতি ৰাখি এইবেলিও এই মাংগলিক উৎসৱটি উদযাপন কৰিবলৈ লৈছে তিৱা জনগোষ্ঠী ৰাইজে ৷

আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উওোলন কৰে তিৱা মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি স্বপন ৰামদে, ৮-২০ বজাত তিৱা জাতীয় ছহিদ সকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, ৮-৩০ বজাত বন্তি প্ৰজ্বলন, ৯-৩০ বজাত কাৰ্যালয় উদ্বোধন,  ১০ বজাত বৃক্ষ ৰোপন, ১০-৩০ বজাত  ফা – মাহাদেও পূজাৰ পিছতে  তিৱা নৃত্য ও পৰম্পৰাগত খেল ধেমালী অনুষ্ঠিত হয়।

লগতে পঢ়ক : WATCH | Bhupen Borah : ‘এতিয়ালৈকে কিয় বেংকে CCTV ফুটেজ ৰাজহুৱা কৰা নাই’ ?