Local, Vocal, Global

WATCH | Bohag Bihu 2025: হেঁপাহৰ ৰঙালীলৈ মাজত কেইটামান দিন বাকী

টীয়ক,২৯মাৰ্চ : হেঁপাহৰ ৰঙালীলৈ মাজত কেইটামান দিন বাকী। ৰঙালীক আদৰিবলৈ ব্যস্ত ৰাজ্যবাসী ৷ কোনোবা যদি তাঁতৰ শালত ব্যস্ত কোনোবা আকৌ আঁখলত ব্যস্ত। সমান্তৰালকৈ কাকজানৰ দিগ্বিজয় বাদ্য ভাণ্ডাৰৰ বাদ্যকৰ শিল্পী সকলৰো ঢোল বনোৱাত ব্যস্ত দেখা গৈছে।

উল্লেখ যে, ১৬ বছৰ ধৰি কাকজান অঞ্চলত ঢোল,খোল, নেগেৰা,তাবলা, মৃদংগ আদি প্ৰস্তুত কৰি কাকজান অঞ্চলত সমাদৰ লাভ কৰিবলৈ সক্ষম এইখন বাদ্য ভাণ্ডাৰ । তেওঁলোকে জানিবলৈ দিয়া মতে পূৰ্বৰ দৰে এইবাৰো শতাধিক ঢোল বনোৱাৰ লগতে কণমানি সকলকে ধৰি ৫০০ টকাৰ পৰা ১২০০ হেজাৰ টকা লৈকে গ্ৰাহকে ঢোল ক্ৰয় কৰিব পাৰিব। লগতে প্ৰতিটো ডাঙৰ ঢোলত এটা কৈ বেগ উপহাৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।যোৱা দেৰটা দশক এইদৰে নিজৰ সংস্কৃতি ধৰি ৰাখিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে এই বাদ্যকৰ শিল্পী সকলে(Bohag Bihu 2025)।

লগতে পঢ়ক : WATCH | Rhino Roaming : চিচি তাপিদ চাপৰিত গড়ৰ মুক্ত বিচৰণ