Local, Vocal, Global

WATCH | Karbi Anglong : অসম চৰকাৰৰ বিশেষ আচঁনিৰ ২০২৪-২৫ বিনামূলীয়াকৈ চাইকেল বিতৰণ

কাৰ্বি আংলং,২৮ মাৰ্চ : কাৰ্বি পাহাৰৰ হাওৰাঘাট ব্লকৰ ,যমুনা ভেলী ক্লাষ্টাৰৰ পণ্ডিতঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভৰ ও অসম চৰকাৰৰ বিশেষ আচঁনিৰ ২০২৪-২৫ বিনামূলীয়াকৈ চাইকেল বিতৰণ ।

SMDCৰ সভাপতি,সঞ্জয় তিমুংৰ সভাপতিত্বত,মুখ্য অতিথি হিচাপে উপস্হিত নমাটি VDC ৰ অধ্যক্ষ বৃটেন মহেলা,অৱসৰ প্ৰাপ্ত শিক্ষক কিৰিতি বৰা,চৰকাৰী গাওঁ বুঢ়া ক্ৰমে- ঘনকান্ত কোছ,ধ্ৰুৱ পানিকা,গাঁৱলীয়া গাওঁ বুঢ়া কনক তিমুং,পণ্ডিতঘাট উ:মা: বিদ্যালয় প্ৰাক্তন সভাপতি ৰুলেন ইংতি, VDC সদস্য সঞ্জয় শৰ্মাকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক/বিষয় শিক্ষকৰ লগতে SMDC ৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

মুঠ ৪০ গৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰধান কৰা হয় মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ বিনামূলীয়া চাইকেল(Karbi Anglong)।

অধ্যক্ষ,বৃটেন মহেলাই প্ৰতি গৰাকী শিক্ষাৰ্থীয়ে শিক্ষাৰ প্ৰতি অধিক আগ্ৰহী হৈ শিক্ষা জীৱনত আগোৱাই যাবলৈ সু-পৰামৰ্শৰ লগতে আশীৰ্বাদ প্ৰদান কৰে।

লগতে পঢ়ক : WATCH | Free Roaming of Rhino : ৰাজপথত গঁড়ৰ মুক্ত বিচৰণ;আতংকিত ৰাইজ