WATCH | Massive fire breaks out: হাজোৰ FNB ইটা ভাটাত ভয়ংকৰ অগ্নিকাণ্ড; অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ দহগৰাকীৰো অধিক শ্ৰমিক
হাজো,২৮ মাৰ্চ : হাজোৰ পাকৰকোনাৰ FNB ইটা ভাটাত ভয়ংকৰ ঘটনা।
শ্ৰমিক থকা কোঠাত কেইবাটাও চিলিণ্ডাৰ বিষ্ফোৰিত হৈ ভয়ংকৰ অগ্নিকাণ্ড FNB ইটা ভাটাত।
অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ দহগৰাকীৰো অধিক পুৰুষ মহিলা শ্ৰমিককে ধৰি পানী কেঁচুৱা(Massive fire breaks out)।
শ্ৰমিক থকা কোঠাত যোৱা পথ সমূহ যথেষ্ঠ ঠেক হোৱাৰ বাবে হতাহতৰ সংখ্যা বাঢ়িছে বুলি সন্দেহ কৰা হৈছে।
অগ্নিকাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় আতংকময় পৰিৱেশৰ।
হাজো অগ্নি নিৰ্বাপন বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও সংকটজনক অৱস্থাত আটাইকেইগৰাকীকে দুখনকৈ এম্বুলেন্সৰে লৈ যোৱা হয় GMCH লৈ।
লগতে পঢ়ক : WATCH | Free Roaming of one Horn Rhino :উত্তৰ গুৱাহাটীৰ লেঙাৰ ৰাজপথত পুৱতি নিশা গঁড়ৰ মুক্ত বিচৰণ