Local, Vocal, Global

WATCH | Free Roaming of one Horn Rhino :উত্তৰ গুৱাহাটীৰ লেঙাৰ ৰাজপথত পুৱতি নিশা গঁড়ৰ মুক্ত বিচৰণ

উত্তৰ গুৱাহাটী,২৮মাৰ্চ : উত্তৰ গুৱাহাটীৰ লেঙাৰ ৰাজপথত পুৱতি নিশা গঁড়ৰ মুক্ত বিচৰণ।

পুৱতি নিশা পাচলি গাড়ী লৈ যোৱা লোকে প্ৰত্যক্ষ কৰে এশিঙীয়া গড়টোক(Free Roaming of one Horn Rhino)।

প্ৰায় ৫০ দশকৰ পিছত লেঙাত গঁড়ৰ মুক্ত বিচৰণ।

উল্লেখ্য, আজি কিছুদিনৰ পৰা লেঙাৰ সমীপৱৰ্তী দৰং জিলাৰ কুৰুৱা অঞ্চলত বিচৰণ কৰি আছে দুটাকৈ গড় ।

বন বিভাগক স্থানীয় ৰাইজে বাৰে বাৰে জনোৱাৰ পিছতো কুৰুৱা ৰেঞ্জৰ বন বিষয়া গৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ।

গড় দুটা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহাৰ সন্দেহ কৰিছে ৰাইজে।

গঁড়ৰ মুক্ত বিচৰণক লৈ এতিয়া তীব্ৰ আতংকত ভুগিছে লেঙা কুৰুৱাৰ ৰাইজে।

লগতে পঢ়ক : WATCH | Jorhat News : পুলিবৰ থানা অন্তৰ্গত ২নং দহোটিয়াত মাটি সম্পত্তিক লৈ ভয়ংকৰ ঘটনা