WATCH | Ashok Singhal : মন্ত্ৰী অশোক সিংহলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা যুটি সভাপতি ৰবিউল ইছলাম
গোৱালপাৰা,২৭মাৰ্চ : “পুনৰ গোৱালপাৰাত সাম্প্ৰদায়িক মন্তব্যৰ বিতৰ্কৰ সৃষ্টি কৰিছে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলে। এখন নিৰ্বাচনী সভাত ভাষণ দি থাকোঁতে মন্ত্ৰীগৰাকীয়ে কৰা কিছু মন্তব্যই এতিয়া তীব্ৰ সমালোচনাৰ সৃষ্টি কৰিছে। তেওঁ কৈছে, ‘গোৱালপাৰা বুলি ক’লেই টুপী, দাৰি আৰু পাই জামাৰ কথা মনলৈ আহে।’ ইয়াৰ উপৰিও তেওঁ কয়, ‘আকৌ ঘূৰাই আনিব লাগিব গোৱালপাৰাৰ মান-মৰ্যাদা,’ আৰু ‘জাতি, মাটি, ভেটি বচাব হ’লে সকলো এক গোট হ’ব লাগিব।’
এই মন্তব্যই গোৱালপাৰাৰ জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহুতে এই বক্তব্যক সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টিৰ প্ৰয়াস বুলি অভিযোগ কৰিছে। ৰাজনৈতিক দল আৰু সামাজিক সংগঠনসমূহে মন্ত্ৰী সিংঘলৰ এই মন্তব্যৰ তীব্ৰ নিন্দা জনাইছে আৰু তেওঁৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে ইফালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা যুটি সভাপতি ৰবিউল ইছলামে(Ashok Singhal)।
ইতিমধ্যে এই ঘটনাই সামাজিক মাধ্যমতো ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। কোনো কোনোৱে মন্ত্ৰীৰ এই বক্তব্যক গোৱালপাৰাৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতি অপমান বুলি গণ্য কৰিছে।
লগতে পঢ়ক : WATCH | Boko News : আজিৰে পৰা আৰম্ভ বকোৰ ডেকাপাৰাত ৰাভা জনজাতি সমাজৰ শ্ৰী শ্ৰী মাঁ বিষহৰি মাৰৈৰ বাৰ্ষিক পূজা