WATCH | Bohag Bihu 2025: অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন
জাগীৰোড,২৭মাৰ্চ : অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। চৌদিশে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জাগীৰোডৰ জাগীভকত গাঁৱত পাঁচদিনীয়া বিহুৰ আখৰা। উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত পাঁচদিনীয়া বিহুৰ আখৰা(Bohag Bihu 2025)।
জাগীৰোডৰ উত্তৰন সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত আয়োজন কৰা ৫ দিনীয়া বিহু নাচৰ আখৰাত বিভিন্ন প্ৰান্তৰ ৩৭৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । বিহুনাচৰ এই আখৰা উদ্ধোধন কৰে বিহু সম্ৰাট খগেন গগৈয়ে ৷ বিহুৰ প্ৰশিক্ষকৰূপে থাকে জনপ্ৰিয় নৃত্য পৰিচালক উদয় শংকৰ ৷ এনেদকেই ঢোলৰ চেঁৱে চেঁৱে কঁকাল ভাঙি নাচিবলৈ আখৰাত ব্যস্ত হৈ পৰিছে কনমানিহঁতে ৷
লগতে পঢ়ক :WATCH | Bohag Bihu 2025: জাগীৰোডৰ জাগীভকত গাঁৱত পাঁচদিনীয়া বিহুৰ আখৰা