WATCH | African Swine flu scare in Sonitpur : শোণিতপুৰৰ বালিপৰা উন্নয়ন খণ্ডৰ ৪নং গড়মাৰা গাঁৱত গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইনফ্লুৰ প্ৰাদুৰ্ভাৱ
জামুগুৰিহাট,২৭মাৰ্চ : শোণিতপুৰৰ বালিপৰা উন্নয়ন খণ্ডৰ ৪নং গড়মাৰা গাঁৱত গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইনফ্লুৰ প্ৰাদুৰ্ভাৱ ৷ অঞ্চলটোৰ নিতীন নামৰ এজন ব্যক্তিৰ গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত হৈছে গাহৰি৷দুই শতাধিক গাহৰি থকা ফাৰ্ম খনৰ ভালে সংখ্যক গাহৰিৰ মৃত্যু ঘটিছে আফ্ৰিকান ছোৱাইনফ্লুত৷
ইতিমধ্যে খানাপাৰ পশু চিকিৎসালয়ৰ পৰীক্ষা গাৰত গাহৰিৰ তেজ পৰীক্ষাত নিশ্চিত হয় এই কথা৷ ইতিমধ্যে শোণিতপুৰ জিলাৰ জিলা পশু পালন আৰু পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা এক আবেদনৰ ভিত্তিত শোণিতপুৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ), ২০২৩ৰ ধাৰা ১৬৩ৰ অধীনত অঞ্চলটোত গাহৰি বিক্ৰী আৰু সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে(African Swine flu scare in Sonitpur)।
৪নং গড়মাৰা গাঁৱৰ সংক্ৰমিত ফাৰ্মখনক কেন্দ্ৰবিন্দু হিচাপে চিনাক্ত কৰা হৈছে আৰু এই কেন্দ্ৰবিন্দুৰ পৰা ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ অঞ্চলটো “সংক্ৰমিত অঞ্চল” হিচাপে চিনাক্ত কৰা হৈছে লগতে সংক্ৰমিত কেন্দ্ৰবিন্দুৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা গাওঁ সমূহক “নিৰীক্ষিত অঞ্চল” হিচাপে চিহ্নিত কৰা হৈছে।
লগতে পঢ়ক :WATCH | Man goes Missing : ৰঙিয়ালৈ বজাৰ কৰিবলৈ আহি নিৰুদ্দেশ তুম্ভুৰাম কলিতা