Local, Vocal, Global

WATCH | Dhemaji News :ধেমাজি জিলা ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান

ধেমাজি,২৬মাৰ্চ : ধেমাজি জিলা ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান। এদিনত ৫ টাকৈ গোচৰ ৰায়দান।

ধেমাজি জিলা ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান, একে দিনাই ৫ টাকৈ গোচৰ ৰায়দান আদালতৰ। ন্যায়ধীশ কৌশিক হাজৰিকাৰ ন্যায়িক আদালতৰ ৰায়দান

চিলাপথাৰ থানাৰ অন্তৰ্গত চাখিচৰণ বিশ্বাসক Pocso ধাৰা ৬ অধীনত ৩০ বছৰ  সশ্ৰম কাৰদণ্ড আৰু ৩০ হাজাৰ জৰিমণা বিহে, লগতে জৰিমনা অনাদায় কৰিলে দুই বছৰ অতিৰিক্ত কাৰাদণ্ড বিহিব লাগিব ।

ধেমাজি থানাৰ অন্তৰ্গত তিলক শ‌ইকীয়াক Pocso ধাৰা ৬ ৰ অধীনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০ হাজাৰ জৰিমণা, জৰিমনা অনাদায় কৰিলে অতিৰিক্ত দুই বছৰ কাৰাদণ্ড খাটিব লাগিব(Dhemaji News)।

গোগামুখ থানাৰ অন্তৰ্গত দিপক ৰজাইক Pocso ধাৰা ৪ অধীনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০ হাজাৰ টকা জৰিমণা, জৰিমনা অনাদয় কৰিলে অতিৰিক্ত দুই বছৰ কাৰাদণ্ড।

চিলাপথাৰ থানাৰ অন্তৰ্গত চেনাই চাংমাইক Pocso ধাৰা ১০ অধীনত ৬ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ১৫ হাজাৰ টকা জৰিমণা, জৰিমনা দিব নোৱাৰিলে ৬ মাহ অতিৰিক্ত খাটিব লাগিব কাৰাদণ্ড।

জোনাই থানাৰ অন্তৰ্গত লালবাবু কৰ্মকাৰক ভাৰতীৰ দণ্ড বিধি ৩২৬ অধীনত ৫ বছৰ কাৰাদণ্ড আৰু ১০ হাজাৰ জৰিমণা লগতে ৩০৭ অধীনত ১০ বছৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকা জৰিমণা বিহে বুলি ধেমাজি জিলা সত্ৰ ন্যায়িক আদালতৰ চৰকাৰী অধিবক্তা অজয়‌ ফোগলাই জানিবলৈ দিয়ে।

লগতে পঢ়ক : WATCH | Biswanath News : জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক মুক্তিৰ দাবীত বিশ্বনাথত কলা বেজ পৰিধান কৰি বিশ্বনাথ প্ৰেছ ক্লাৱৰ প্ৰতিবাদ