Local, Vocal, Global

WATCH | Biswanath News : জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক মুক্তিৰ দাবীত বিশ্বনাথত কলা বেজ পৰিধান কৰি বিশ্বনাথ প্ৰেছ ক্লাৱৰ প্ৰতিবাদ

বিশ্বনাথ,২৬মাৰ্চ : জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক মুক্তিৰ দাবীত বিশ্বনাথত কলা বেজ পৰিধান কৰি বিশ্বনাথ প্ৰেছ ক্লাৱৰ প্ৰতিবাদ।

দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ। এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিলে এটা সংগঠনে ।
সংগঠনৰ অভিযোগৰ ভিত্তিত পৰিচালন সঞ্চালকক প্ৰশ্ন কৰিবলৈ গৈ বিপদত সাংবাদিকগৰাকী । সংবাদিকগৰাকীৰ মুক্তিৰ দাবীত হুংকাৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ লগতে বিশ্বনাথ প্ৰেছ ক্লাবৰ(Biswanath News)।

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত বিশ্বনাথ প্ৰেছ ক্লাবৰ সভাপতি , সম্পাদকৰ লগতে প্ৰেছ ক্লাৱৰ সকলো সদস্যৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই এই প্ৰতিবাদত সহযোগীতা আগবঢ়াই কলাবেজ পৰিধান কৰি সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰে মুকলি কৰাৰ দাবী জনায়। লগতে বিশ্বনাথ জিলা আয়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়ক : WATCH | Dibrugarh News : সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ ডিব্ৰুগড়ত