Local, Vocal, Global

WATCH | Mushalpur News : হাগ্ৰামা মহিলাৰী-হীৰা শৰণীয়াৰ বিৰুদ্ধে সৰৱ ইউপিপিএলৰ মুখপাত্ৰ

মুছলপুৰ,২৬মাৰ্চ : আজি বাক্সাৰ মুছলপুৰত সংবাদমেল সম্বোধন কৰি পুনৰ সৰৱ হোৱা দেখা গ’ল বিটিচিৰ কাৰ্যবাহী সদস্য তথা ৰাজনৈতিক দল ইউপিপিএলৰ মুখপাত্ৰ ৰাকেশ ব্ৰহ্মক । তেওঁ সংবাদমেলত কয় যে হাগ্ৰামা মহিলাৰীয়ে নিজৰ কথাৰে সমাজক বিপথে পৰিচালিত কৰিব বিচাৰিছে আৰু অবাস্তৱ পৰিৱেশ গঢ়িব বিচাৰিছে ।

সোঁতৰ বছৰ শাসন কৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে আমাৰ মূৰত তিনি হাজাৰ কোটি টকাৰ বোজা জাপি দিছে । বৰ্তমানেও ঠিকাদাৰ সকলক ধমকি প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।

সংবাদমেলতে ৰাকেশ ব্ৰহ্মই ভ্ৰষ্টাচাৰী, কমেডিয়ান, চাইকো ইত্যাদি আখ্যা দিয়ে হাগ্ৰামা মহিলাৰীক(Mushalpur News)।

হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ নামেৰে সম্পত্তিৰ পাহাৰ গঢ়িছে বুলিও কয় ইউপিপিএল দলৰ মুখপাত্ৰ গৰাকীয়ে ।

তেওঁ কয় যে হাগ্ৰামা মহিলাৰীয়ে কেৱল কমিচনৰাজ চলাইছিল । তেওঁ হস্পিটেল দিছে কিন্তু তাত ডাক্তৰ নাই । প্ৰমোদ বড়োৰ নেতৃত্বতহে বিটিআৰত উন্নয়ন হৈছে বুলিও মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে ।

বিগত সময়ত হাগ্ৰামা মহিলাৰীয়ে ই.এম-জি.এম সকলক ৰূমত বন্দী কৰি কোবাইছিল । চেক্ৰেটেৰী সকলকো বন্দুক দেখুৱাই ভয় খুৱাইছিল আৰু টকা আত্মসাৎ কৰিছিল । আমি কিন্তু সময়ৰ কাম সময়ত কৰি আছো আৰু আঠঅনা টকাও আমি পকেটত ৰখা নাই ।

তেওঁ কয় হাগ্ৰামা মহিলাৰীয়ে কেৱল ইউপিপিএলৰ চৰকাৰ ভাঙিব বুলি কৈ ফুৰে । বড়ো-অবড়ো সৃষ্টি কৰি ৰাজনীতি কৰাৰ আঁৰৰ মানুহ দুজনেই হাগ্ৰামা মহিলাৰী আৰু হীৰা শৰণীয়া । কিন্তু হীৰা শৰণীয়াই নিলাজৰ দৰে হাগ্ৰামা মহিলাৰীৰ ভৰিত ধৰি গাদী ৰক্ষা কৰিব বিচাৰিছে ।

লগতে পঢ়ক : WATCH | Assam Orunodoi Scheme : “হিমন্ত মামা মোক অৰুণোদয় দিয়ক” মাতৃ-পিতৃহাৰা দৃষ্টিহীন যুৱতীৰ মুখ্যমন্ত্ৰীলৈ আহ্বান