WATCH | Youth goes missing: জামুগুৰিহাটৰ পানপুৰৰ চেঙেলীমৰাৰ যুৱক নিৰুদ্দেশ
জামুগুৰিহাট,২৬মাৰ্চ : জামুগুৰিহাটৰ পানপুৰৰ চেঙেলীমৰাৰ যুৱক নিৰুদ্দেশ । তিনিদিন ধৰি নিৰুদ্দেশ চেঙেলীমৰা গাঁৱৰ যুৱক জয়ন্ত দাস। লক্ষীমপুৰৰ পৰা নিজৰ গৃহ অভিমুখে আহি থকা অৱস্থাত সন্ধানহীন হয় যুৱকজন ৷
জামুগুৰিহাটৰ চেঙেলীমৰা গাঁৱৰ জয়ন্ত বৰা নামৰ যুৱকজন তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকাত চাঞ্চল্যৰ সৃষ্টি হৈছে(Youth goes missing) ৷
জানিব পৰা মতে, কৰ্মসূত্ৰে লক্ষীমপুৰত থকা জামুগুৰিহাটৰ পানপুৰৰ চেঙেলীমৰা গাঁৱৰ যুৱক জয়ন্ত দাসে যোৱা ২৪ মাৰ্চত লক্ষীমপুৰৰ পৰা নিজৰ গৃহ অভিমুখে আহি থকা অৱস্থাত জামুগুৰিহাটৰে কুসুমটোলাত বাছৰ পৰা নামিয়েই সন্ধানহীন হৈ পৰে ৷
পৰিয়ালৰ লোকসকলে বহু বিচাৰ খোচাৰ কৰিও সন্ধান নোপোৱাত উপায়হীন হৈ জামুগুৰি আৰক্ষী থানাত নিৰূদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে৷
কোনো সদাশয় ব্যক্তিয়ে জয়ন্ত দাস নামৰ যুৱক জনৰ সন্ধান পালে ৭৬৩৮৮২৬৪৮৮ নম্বৰ ফোনত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালবৰ্গই ৷
লগতে পঢ়ক : WATCH | Rongali Bihu 2025 : শিৱসাগৰত বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা