Local, Vocal, Global

WATCH | Rongali Bihu 2025 : শিৱসাগৰত বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা

শিৱসাগৰ,২৬ মাৰ্চ : শিৱসাগৰত বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা ।

শিৱসাগৰৰ ধাইআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ ধাইআলিৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হয় কৰ্মশালা।

দিচাং ধাইআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৬ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈকে ১০ দিনীয়াকৈ অনুষ্ঠিত হয় এই কৰ্মশালা(Rongali Bihu 2025)৷

এই কৰ্মশালাত বিহুনাচৰ প্ৰশিক্ষক হিচাপে ৰাজশ্ৰী নাথ আৰু ঢোলবাদনৰ প্ৰশিক্ষক হিচাপে বিশিষ্ট বিহুৱা ৰূপেশ্বৰ চেতিয়াই প্ৰশিক্ষণ প্ৰদান কৰে৷

কৰ্মশালাৰ সামৰণিৰ দিনা সকলো প্ৰশিক্ষাৰ্থীয়ে বিহু নাচ আৰু ঢোলবাদন পৰিৱেশন কৰে আৰু এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়।

লগতে পঢ়ক : WATCH | Mushalpur News : মুছলপুৰত কলিতা জনগোষ্ঠী সন্মিলনৰ ধৰ্ণা কাৰ্যসূচী