WATCH | Sensational Incident : ৰাজধানী এক্সপ্রেছৰ পৰা পৰি কৰুণ মৃত্যু এগৰাকী মহিলাৰ

ৰঙিয়া,২৬মাৰ্চ : ৰঙিয়া ৰে’ল ষ্টেচনত শোকাৱহ ঘটনা। ৰাজধানী এক্সপ্রেছৰ পৰা পৰি কৰুণ মৃত্যু এগৰাকী মহিলাৰ।নিহত মহিলা গৰাকী লক্ষীমপুৰ জিলাৰ জোনমনি দেউৰী। ৰাজস্থানৰ মাউন টাবুৰ পৰা লক্ষীমপুৰ অভিমুখে গৈ আছিল প্ৰজাপিতা ঈশ্বৰীয়া ব্ৰহ্মা কুমাৰী সংস্থাৰ এটি দল(Sensational Incident)।
ৰঙিয়াৰ জংচনৰ পৰাই লক্ষীমপুৰলৈ ৰেল সলনি কৰাৰ উদ্দেশ্যে নামিছিল মহিলাৰ দলটিয়ে৷ইয়াৰে জোনমনি দেউৰী নামৰ মহিলা গৰাকীয়ে 12424 নম্বৰৰ ৰাজধানী এক্সপ্রেছখনৰ পৰা চলন্ত আৱস্থাত পিছলি পৰে।
ঘটনাস্থলীত মুমূৰ্খ অৱস্থাত ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰি ৰেলৱে হস্পিতাললৈ লৈ যায় যদিও চিকিৎসকে ইতিমধ্যেই মৃত ঘোষণা কৰে মহিলা গৰাকীক। বৰ্তমান মৃতদেহ ৰঙিয়া ৰেল আৰক্ষীৰ জিম্মাত আছে।
লগতে পঢ়ক : WATCH | Bhupen Borah : সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক লৈ সৰৱ কংগ্ৰেছ