WATCH | Nalbari News : গোহালি সদৃশ পৰিৱেশত কণ কণ শিশুক প্ৰদান কৰি আছে শিক্ষা
নলবাৰী,২৬মাৰ্চ : বৰক্ষেত্ৰী সমষ্টিৰ এখন প্ৰায় ১৫ বছৰ পুৰণি অংগনৱাড়ী কেন্দ্ৰ। গোহালি সদৃশ পৰিৱেশত কণ কণ শিশুক প্ৰদান কৰি আছে শিক্ষা । নিজ খেয়াল খুচি মতে ১৫ দিনৰ মূৰত বিদ্যালয়লৈ আহে বৰক্ষেত্ৰীৰ ভেলেঙীমাৰী চৰৰ ২৯১ নম্বৰ অংগনাৱাড়ী কেন্দ্ৰৰ শিক্ষয়িত্ৰী জাহানাৰা বেগম। জাহানাৰা বেগম মূৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ ৰাইজৰ(Nalbari News)।
শিক্ষাৰ্থীসকলক সামগ্ৰী বিতৰণ নকৰি আত্মসাৎ কৰাৰো অভিযোগ অঞ্চলটোৰ ৰাইজৰ। সাংবাদিকৰ আগমণৰ উমান পাই পলাই পত্ৰং দিলে পলমকৈ অহা শিক্ষয়িত্ৰীগৰাকীয়ে।
পোন্ধৰদিনৰ মূৰত এদিন আহে ২৯১ নম্বৰ কেন্দ্ৰৰ শিক্ষয়িত্ৰীগৰাকী। শিশুক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰা শিক্ষয়িত্ৰীগৰাকীক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে অভিভাৱকসকলে।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটত কেৰিয়াৰ নিৰ্দ্দেশনা অনুষ্ঠান সম্পন্ন