Local, Vocal, Global

WATCH | Suspicion of Being Witchcraft : ৰাজ্যত পুনৰ ডাইনী কাণ্ড

জামুগুৰিহাট,২৫মাৰ্চ : ৰাজ্যত পুনৰ ডাইনী কাণ্ড । ডাইনী সন্দেহত এহাল দম্পতীৰ ওপৰত নিৰ্যাতন।

ডাইনী সন্দেহত দম্পতীহালক মাৰধৰ কৰি খেদি পঠোৱা হ’ল গাঁৱৰ পৰা ৷

ৰঙাপৰা ধেন্দাই চাহ বাগিচাৰ প্ৰজা লাইনত সংঘটিত হৈছে এই ঘটনাটো(Suspicion of Being Witchcraft)৷

ধেন্দাই চাহ বাগিচাৰ প্ৰজা লাইনৰ কালতি তাঁতী আৰু তেঁওৰ স্বামী স্বপন তাঁতী ক ডাইনী সন্দেহত গাঁৱৰ পৰা খেদি পঠিয়ালে ৰাইজে ৷

দুৰ্ভগীয়া দম্পতী হালে ৰঙাপৰা থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শান্তি তাঁতী, অঞ্জলী তাঁতী আৰু দেৱগন কেউট নামৰ তিনি জনক আটৰ কৰিছে ৷

আৰক্ষীয়ে তদন্ত আব্যাহত ৰাখিছে যদিও অমৃত তাঁতী নামৰ আন এজন অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে ৷

লগতে পঢ়ক : WATCH | Sivsagar News: শিৱসাগৰৰ বর্ডিং খেলপথাৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাবেশ