Local, Vocal, Global

WATCH | Mushalpur News : মুছলপুৰত নতুন শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ

মুছলপুৰ,২৫মাৰ্চ : মুছলপুৰত নতুন শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ। ১ এপ্ৰিলৰ পৰা পাঠদান আৰম্ভ হ’ব প্ৰতিখন বিদ্যালয়ত ।

বাক্সা জিলাৰ মুছলপুৰত আজি বাস্কা ব্লকৰ অন্তৰ্গত চৰকাৰী বিদ্যালয় সমূহত ২০২৫-২৬ নতুন শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকে বাক্সা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জেহেৰুল ইচলাম(Mushalpur News)।

তেওঁ কয় যে বাক্সা জিলাৰ বাস্কা ব্লকত মুঠ ৩৮৫ খন বিদ্যালয় আছে আৰু প্ৰতিখন বিদ্যালয়ত পাঠ্যপুথি বিতৰণ কৰা হ’ব । আজি মাথো শুভাৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ সকলোৰে সহযোগিতা কামনা কৰে । বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰা কাৰ্যক এক মহৎ কাৰ্য্য আখ্যা দি বিদ্যালয় সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলামে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে । আজিৰ সভাত মাধ্যমিক শিক্ষক সন্থা আৰু এবছুৰ প্ৰতিনিধিও উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | Teok News : অবৈধ চুলাই মদ আৰু লালি গুৰৰ প্ৰচলনৰ বিৰুদ্ধে টীয়কত আদিবাসী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট