Local, Vocal, Global

WATCH | Teok News : অবৈধ চুলাই মদ আৰু লালি গুৰৰ প্ৰচলনৰ বিৰুদ্ধে টীয়কত আদিবাসী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

টীয়ক,২৫মাৰ্চ : অবৈধ চুলাই মদ আৰু লালি গুৰৰ প্ৰচলনৰ বিৰুদ্ধে টীয়কত আদিবাসী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চেলেংহাট আৰু টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত লালিগুৰ আৰু অবৈধ চুলাই মদ বন্ধ কৰাৰ দাবীত টীয়ক আবকাৰী কাৰ্যালয়ৰ সমুখত এক দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে(Teok News)।

উক্ত ধৰ্মঘট কাৰ্যসূচীত প্ৰায় অৰ্ধ শতাধিক সংগঠনটোৰ প্ৰতিনিধি উপস্থিত থাকি আবকাৰী বিভাগৰ বিৰুদ্ধে তথা লালিগুৰ আৰু চুলাই মদৰ অবৈধ প্ৰচলনত জড়িত চক্ৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে। লগতে অনতি পলমে বিশেষকৈ চাহ অধোৰ্ষিত অঞ্চলসমূহত লালিগুৰ আৰু চুলাই মদৰ অবাধ প্ৰচলন বন্ধ কৰি সমাজখন নিচামুক্ত তথা সুৰক্ষিত কৰিবলৈ জিলা আবকাৰী বিভাগ আৰু অসম চৰকাৰৰ আবকাৰী বিভাগক দাবী জনাই অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰে।

লগতে পঢ়ক : WATCH | Hatsingimari News : মানকাচৰৰ পুঠিমাৰীত গুণ্ডাটেক্স সংগ্ৰহ কৰা চেক গেট