WATCH | Assam Assembly : সদনত প্ৰৱেশ কৰাৰ আগতেই AIUDF বিধায়কৰ ভয়;বাহেৰে নিৰ্মিত জেওৰা লৈ আহিল সদনত
নিউজ ডেস্ক,২৫মাৰ্চ : সদনত প্ৰৱেশ কৰাৰ আগতেই AIUDF বিধায়কৰ ভয় । যদি শাসক পক্ষৰ কোনো বিধায়কে মাৰিবলৈ চোচা লয় ।
তেন্তে জেওৰাৰে নিজৰ জীৱন ৰক্ষা কৰিব পাৰিম। সেই বুলি বাহেৰে নিৰ্মিত জেওৰা লৈ আহিল সদনত ।
এইবাৰ বলক সদনৰ ভিতৰলৈ। বাহেৰে নিৰ্মিত জেওৰাক লৈ সদন গৰম। বিধায়কে বিধানসভাত জেওৰা অনা দেখি মুখ্যমন্ত্ৰীৰ ভয়। যদি জেওৰাৰে আক্ৰমণ কৰি দিয়ে কি হব ঘটনাটো। কাৰণ যদি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আকৌ এবাৰ আসনৰ পৰা উঠি চোচা লয়। তেতিয়াহলে বিধানসভাই ৰক্তাত্ত হৈ পৰিব। সেইবুলি মুখ্যমন্ত্ৰী কৈয়ে দিলে(Assam Assembly)।
আগতে নোহোৱা,নজিৰ বিহীন ঘটনা সদনত দেখা পোৱা গ’ল
আজি জেওৰা আনিছে কালি লাঠি লৈ আহিব। এই মেছেজটো ভাল যোৱা নাই সদনত বাহ লৈ জেওৰা লৈ সোমোৱা। লগে লগে বিধায়কৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সদনৰ মৰ্যাদা ৰাখক। ইমান মিছা কথা কব নাপাই।লাঠি লৈ অহা নাই জেওৰা লৈ আনিছো ।লগে লগে মুখ্যমন্ত্ৰীৰ উত্তৰ আপোনালোকে সংখ্যাগৰিষ্ঠ হলে আৰু যে কি কৰিব।
সদনত বাহৰ জেওৰাক প্ৰাধান্য দিয়া দেখি বহুতেই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে, মুখ্যমন্ত্ৰীয়ে বিধায়ক ৰূপজ্যোতি কাণ্ডক লৈ এবাৰো নকলে এই মেচেজটো অসমৰ ৰাইজৰ ভাল যোৱা নাই। ওলোটা ৰূপজ্যোতি কুৰ্মীৰ প্ৰসংশাত পঞ্চমুখ হৈ পৰিল। ভগৱান ৰূপজ্যোতি কুৰ্মীক প্ৰদত্ত এটা বেমাৰ আছে’। ‘বেচেৰাই দিনে-ৰাতিয়ে এটা ৰাস্তাৰ বাবে মোৰ লগত কাজিয়া কৰি থাকে’। ৰূপজ্যোতি কুৰ্মীয়ে এটা নিপীড়িত, নিষ্পেষিত জাতিক প্ৰতিনিধিত্ব কৰে’।
বুজাই বুজিছে,দেখাই দেখিছে,শুনাই শুনিছে। ৰাইজৰ দাবী পবিত্ৰ সদনত ৰাজ্যৰ উন্নয়নৰ কথা আলোচনা হওক। অলাগতিয়াল হাই কাজিয়া কৰি উন্নয়নৰ কথা পাহৰি যাব নালাগে।