WATCH | World TB Day : সোণাৰিত বিশ্ব যক্ষ্মা দিৱস পালন
সোণাৰি,২৪মাৰ্চ : সোণাৰিত বিশ্ব যক্ষ্মা দিৱস পালন। দেশৰ অন্যান্য ঠাইৰ লগতে আজি সোণাৰিতো বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। চৰাইদেউ জিলা স্বাস্থ্য সমিতি আৰু চৰাইদেউ জিলা যক্ষ্মা কেন্দ্ৰৰ উদ্যোগত এই উপলক্ষে সোণাৰিৰ কাষৰীয়া নাফুক চাহ বাগিচা পূজা ঘৰত এখনি সভাৰ আয়োজন কৰা হয়(World TB Day)।
জ্যেষ্ঠ স্বাস্থ্য কৰ্মী মৃত্যুঞ্জয় দাসে আঁতধাৰা সভাৰ আৰম্ভণিতে জিলা যক্ষ্মা বিষয়া ডাঃ সোণালী চেতিয়াই বিশ্ব যক্ষ্মা দিৱস আয়োজনৰ তাৎপৰ্য সম্পৰ্কে ভাষণ দিয়ে ইয়াৰ পিছত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা উপ জিলা আয়ুক্ত (স্বাস্থ্য) শুণতৃষ্ণা ঘৰফলিয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জ্যোতিৰ্ময় শৰ্মা বৰুৱা, নাফুক বাগিচাৰ অতিৰিক্ত মহাপ্ৰবন্ধক দেৱশীষ বৰুৱা আৰু এন এইচ এমৰ জিলা আঁচনি পৰিচালক অভিজিত শৰ্মাই ভাষণ দিয়ে। অনুষ্ঠানত স্থানীয় শিল্পী সকলে গীত নৃত্যৰ অনুষ্ঠান পৰিবেশন কৰে।
লগতে পঢ়ক : WATCH | Sipajhar News : ছিপাঝাৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী