WATCH | Handgun was found : মঙলদৈৰ বৰমপুৰ বাসুৱা চুবুৰীত উদ্ধাৰ বন্দুক
মঙলদৈ,২৪মাৰ্চ : মঙলদৈৰ বৰমপুৰ বাসুৱা চুবুৰীত উদ্ধাৰ বন্দুক।
দুৰ্লভ ডেকা আৰু ৰঞ্জিত ডেকাৰ ঘৰৰ পুখুৰীত উদ্ধাৰ হয় বন্দুকটো।
ঘৰৰ পিছফালে পুখুৰী খন্দাই থাকোতে উদ্ধাৰ হয় বহু পুৰণি একনলীয়া হস্ত নিৰ্মিত গাজা বন্দুকটো।
পৰিত্যক্ত পুখুৰীটোত কোনে কেতিয়া আনি বন্দুকটো পেলাই থৈছিল এতিয়ালৈ জানিব পৰা হোৱা নাই(Handgun was found)।
JCB ৰে পুখুৰীটো পুনৰ খন্দাই থাকোতে JCB ত বন্দুকটো উঠে যদিও উদ্ধাৰ হয় খন্দা মাটিখিনি মিলাই থকা সময়ত। মাটি মিলাই থাকোতে কোডালত লাগে বন্দুকটো আচৰিত হৈ উঠে মাটি মিলোৱা বনুৱাজন।
লগে লগে বনুৱাজনে গৃহস্থক খৱৰ দিয়ে আৰু গাঁৱৰ গাওঁবুঢ়া আহি মঙ্গলদৈ আৰক্ষীক খবৰ দিয়ে।
মঙলদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বন্দুকটো উদ্ধাৰ কৰি লৈ যায়। উল্লেখযোগ্য যে বন্দুক পোৱা মাত্ৰকে চুবুৰীটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।
পৰবৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ পিছত হে ওলাব প্ৰকৃত তথ্য।
লগতে পঢ়ক : WATCH | Road Accident : দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা;থিতাতে নিহত ২ জন