Local, Vocal, Global

WATCH | Road Accident : দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা;থিতাতে নিহত ২ জন

দৰং,২৪মাৰ্চ : দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত ২ জন।

দৰঙৰ ধূলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই এই দুৰ্ঘটনা সংঘটিত হয়।

AS 20 2289 নম্বৰৰ আলট্ৰা বাছত থকা এতিয়ালৈকে ২ গৰাকী যাত্ৰী নিহত হোৱা বুলি জানিব পৰা যায়(Road Accident)।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ধূলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসায়লৈ লৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, বৰ্তমানলৈ চিনাক্ত হোৱা নাই নিহত ব্যক্তিকেইজনৰ পৰিচয় ।

লগতে পঢ়ক : WATCH | Hajo News : নাবালিকা কিশোৰীক পলুৱাই নিয়াক কেন্দ্ৰ কৰি হাজোত তীব্ৰ চাঞ্চল্য