WATCH | Hajo News : নাবালিকা কিশোৰীক পলুৱাই নিয়াক কেন্দ্ৰ কৰি হাজোত তীব্ৰ চাঞ্চল্য
হাজো,২৪মাৰ্চ : নাবালিকা কিশোৰীক পলুৱাই নিয়াক লৈ হাজোত চাঞ্চল্য । দুই পৰিয়ালৰ সংঘৰ্ষত আহত কেইবাজনো
এগৰাকী ১৩ বছৰীয়া নাবালিকাক পলুৱাই নিয়াক কেন্দ্ৰ কৰি হাজো তীব্ৰ চাঞ্চল্য । আৰক্ষী চকীৰ অন্তৰ্গত পণ্ডিতৰ পামত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এগৰাকী নাবালিকা কিশোৰীক পলুৱাই নিয়াক লৈ দুই পৰিয়ালৰ মাজত সংঘৰ্ষ ।
দুই পক্ষৰ সংঘৰ্ষত আহত হৈছে নাবালিকা কিশোৰী পক্ষৰ লোক(Hajo News)।
ঘটনাৰ বিৱৰণী অনুসৰি কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত পণ্ডিতৰ পামৰ এগৰাকী ১৩ বছৰীয়া নাবালিকাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল ওচৰৰে নাছেৰ আলী আৰু জাহানাৰা খাতুনৰ ১৫ বছৰীয়া নাবালক পুত্ৰৰ।
কিন্তু ছোৱালীজনী নাবালিকা হোৱা হেতুকে এই সম্পৰ্ক মানি লোৱা নাছিল নাবালিকা গৰাকীৰ পৰিয়ালে। কিন্তু প্ৰেমেই বয়স, ভয়, বাধা একোৱেই নামানে। অৱশেষত নাবালক প্ৰেমিকে নাবালিকা গৰাকীক পলুৱাই লৈ যায়। ইফালে ছোৱালীজনীৰ পৰিয়ালৰ অভিযোগ নাবালক প্ৰেমিকৰ পৰিয়ালে বুদ্ধিৰে দুয়ো প্ৰেমিক প্ৰেমিকাক গুৱাহাটীলৈ পলুৱাই পঠিয়াইছে। ইয়াকে লৈ দুই পক্ষৰ মাজত লাগিল হতাহতি।
ছোৱালীৰ ককাক মতিবৰ আলীক ল’ৰাৰ পৰিয়ালৰ লোকে কোবাই মূৰ ফালি দিয়ে। অৱশেষত ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
আনহাতে ছোৱালী গৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ছোৱালী গৰাকীক বিচাৰি আৰক্ষীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে তদন্ত।
লগতে পঢ়ক : WATCH | Rongali Bihu 2025: সমাগত হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহু