WATCH | Assam Panchayat Election: পঞ্চায়তৰ নিৰ্বাচনৰ বাবে কুচ-কাৱাজত নামি পৰিছ যোৰহাট সমষ্টিত ৰাইজৰ দলৰ সামাজিক ভাৱে জড়িত সত্য নাৰায়ন ভৰালী
টিয়ক,২৪মাৰ্চ : আগন্তুক পঞ্চায়তৰ নিৰ্বাচনৰ বাবে কুচ-কাৱাজত নামি পৰিছ যোৰহাট সমষ্টিত ৰাইজৰ দলৰ সামাজিক ভাৱে জড়িত সত্য নাৰায়ন ভৰালী ।
যি সময়ত অসমৰ বিভিন্ন সমস্যা সম্পৰ্কত ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে বিষয় সমূহ উত্থাপন কৰি দৃষ্টি আকৰ্ষণ কৰিছে। সেই সময়তে যোৰহাট সমষ্টিত উত্তৰ হোলোঙাপাৰ এজন শিক্ষিত ব্যক্তি সত্য নাৰায়ন ভৰালী য়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ হৈ ভেটি সৱল কৰাত আগবঢ়া দেখা গৈছে(Assam Panchayat Election)।
ইফালে যোৰহাট সমষ্টিটো চৰকাৰ খনে কিছু কাম কৰিছে যদিও খোৱা পানী,চিকিৎসা সমস্যা , যাতায়তৰ বাবে বহুখিনি পথ আজিও আধাৰুৱা বুলি জানিব লৈ দিয়ে । উল্লেখ যে যোৰহাট সমষ্টিত ৰাইজৰ দলৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলটোৰ সাংগঠনিক তৎপৰতা সৱল ৰূপত গঢ় দিবলৈ কুচ-কাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে।
লগতে পঢ়ক : WATCH | Geleki News : টাইপাৰ উদ্যোগত গেলেকীত পথ অৱৰোধ কাৰ্যসূচী