Watch | Horrific road accident in Darrang dhula: দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা

দৰং: ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত 2 জন। 15নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। তেজপুৰৰ ৰা গুৱাহাটী অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছত আন এখন চাৰিচকীয়া বাহনে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো হৈছে।AS 20 2289 নম্বৰৰ আলট্ৰা বাছত থকা এতিয়ালৈকে ২ গৰাকী যাত্ৰী নিহত হোৱা বুলি জানিব পৰা যায়।
ধূলা আৰক্ষীয়ে বাছৰ পৰা মৃতদেহ এম্বুলেন্সত উঠাই মৰুনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসায়লৈ লৈ যায়। নিহত ব্যক্তিকেইজন এতিয়ালৈ চিনাক্ত হোৱা নাই।
আনহাতে ধূলা আৰক্ষী থানাৰ Campus ৰ ভিতৰত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ধূলা আৰক্ষীয়ে। উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া ধূলা আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ বুজ লয়।