WATCH | Nagarbera News : ইটা ভৰ্তি নম্বৰ বিহীন ট্ৰেক্টৰৰ পৰা পৰি থিতাতে মৃত্যু যুৱকৰ
নগৰবেৰা,২৩ মাৰ্চ : নগৰবেৰাৰ নাইটৰ কল্যাণপুৰত আজি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।
ইটা ভৰ্তি নম্বৰ বিহীন ট্ৰেক্টৰৰ ওপৰৰ পৰা পৰি থিতাতে মৃত্যু হয় এজন যুৱকৰ ।
মৃত যুৱক জুলফিকৰ আলী বুলি জানিব পৰা গৈছে । মৃত জুল ফিকৰ আলীৰ ঘৰ নগৰবেৰাৰ জামলাইত।
জামলাইৰ পৰা কল্যাণপুৰলৈ ট্ৰেক্টৰেৰে ইটা কঢ়িয়াই অনা সময়ত সংঘটিত হৈছে এক দুৰ্ঘটনাটো(Nagarbera News)।
স্থানীয় লোকে যুৱকজনক ততাতৈয়াকৈ কল্যাণপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও ইতিমধ্যে যুৱকজনৰ মৃত্যু হোৱা বুলি ব্যক্ত কৰিছে চিকিৎসকে।
ঘটনাস্থলীত ইতিমধ্যে নগৰবেৰা আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছ ৷
লগতে পঢ়ক : WATCH | Dead body found : যমুনা নদীত উদ্ধাত অচিনাক্ত মৃতদেহ