Local, Vocal, Global

WATCH : Bilasipara News : বিলাসীপাৰাত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ

বিলাসীপাৰা,২৩ মাৰ্চ : বিলাসীপাৰাত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ।

বিলাসীপাৰাত অসম চৰকাৰে যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি স্থানীয় পি, এম, শ্ৰী বিলাসীপাৰা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বিনামূলীয়া পাঠ্যপুথি বিতৰণ সভা অনুষ্ঠিত কৰা হয়।

অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক পয়োধৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিলাসীপাৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ ফুকনে। সভাখনতে পাঠ্যপুথি বিতৰণ নিৰীক্ষণ সমিতিৰ অধ্যক্ষ তথা বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া শাৰী লাংগটাউয়ে এখন বিদ্যালয়ৰ প্ৰাধাণ শিক্ষকৰ হাতত কিতাপৰ টোপলা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অৰ্পন কৰি বিতৰণ কাৰ্যৰ শুভাৰম্ভ কৰে(Bilasipara News)।

ইয়াৰ পাছতে সভাত উপস্থিত থকা বিদ্যালয় সমুহৰ প্ৰধান শিক্ষক – শিক্ষয়ত্ৰীৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয়।

অনুষ্ঠানৰ অন্তত শিক্ষা বিষয়া ফুকনে জনায় যে, এইবাৰ শিক্ষা সেতুৰ ওপৰত ভিত্তি কৰি প্ৰায় এক লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে বিভাগে পৰ্যাপ্ত সংখ্যক পাঠ্যপুথি যোগান ধৰিছে। আমিও শিক্ষাবৰ্ষৰ পাতনিতে প্ৰতিজন ছাত্ৰ-ছাত্ৰী ৰ হাতত পাঠ্যপুথি তুলি দিয়াৰ বাবে পৰিকল্পনা কৰিছো। যি পৰিকল্পনাৰ বাস্তৱ ৰূপ দিয়াৰ বাবে আজি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

লগতে পঢ়ক : WATCH | Sensational incident: ড্ৰাইভাৰ আসনত বহি থকা অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ