WATCH | Sipajhar News : কৰ্তব্যৰত অৱস্থাত বাঘৰ আক্ৰমণত নিহত ধনমনি ডেকাৰ গৃহলৈ যোৱা পথটি নিৰ্মাণৰ শুভাৰম্ভ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ
ছিপাঝাৰ,২৩মাৰ্চ : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাত বাঘৰ আক্ৰমণত নিহত হৈছিল ছিপাঝাৰৰ নগাওঁ-হাতীমাৰাৰ গৃহৰক্ষী জোৱান ধনমনি ডেকা।
ছিপাঝাৰ সমষ্টিৰ বিধায়কৰ প্ৰতিশ্ৰুতি অনুসৰি ধনমনি ডেকাৰ গৃহলৈ যোৱা পথটি নিৰ্মাণৰ শুভাৰম্ভ কৰিলে বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে।
পথ নিৰ্মাণ কৰাৰ লগতে প্ৰয়াত ধনমনি ডেকাৰ পত্নী জয়া মহন্তকো চৰকাৰী চাকৰিত নিয়োগ কৰিবৰ বাবে চেষ্টা চলোৱাৰ কথা উল্লেখ কৰে।
বিগত ২০২৪বৰ্ষৰ ২৮আগষ্টৰ নিশা সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনাটো(Sipajhar News)।
প্ৰয়াত ধনমনি ডেকাৰ বাসগৃহত কেইমাহমান পূৰ্বে উপস্থিত হৈছিল বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী।
লগতে পঢ়ক : WATCH | Road Accident : চাপৰত দুখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ