Local, Vocal, Global

WATCH | Bilasipara News : এখন দোকান কোঠালীৰ বিগত ১১ বছৰ ধৰি বঞ্চিত এজন ক্ষুদ্ৰ ব্যৱসায়ী

বিলাসীপাৰা,২৩মাৰ্চ : পৌৰসভাই এখন দোকান কোঠালীৰ পৰা বিগত ১১ বছৰ ধৰি বঞ্চিত কৰি ৰাখিলে এজন ক্ষুদ্ৰ ব্যৱসায়িক । কোঠালী নিদিয়াকৈ বছৰৰ পিছত বছৰ ধৰি আদায় কৰিলে ভাড়া । এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত।

বিগত প্ৰায় ৫০ বছৰ ধৰি বিলাসীপাৰা বজাৰত ৰঘু বৰ্মন নামৰ এজন ব্যৱসায়ীয়ে শুকান মাছৰ ব্যৱসায় কৰি কোনোমতে পৰিয়ালটোক পোহপাল দি আহিছিল। মাছ বজাৰত থকা গৃহটো যথেষ্ট পুৰণি হোৱাত যোৱা ২০১৪ চনতে গৃহটো পুণৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়।

সেই মতে ব্যৱসায়ী সকলক জাননী জাৰি কৰি গৃহটো ভাঙি দি নতুনকৈ নিৰ্মান কাৰ্য আৰম্ভ কৰে। তেতিয়াৰে ক্ষুদ্ৰ ব্যৱসায়ী জনে পদপথত দোকান খুলি ব্যৱসায় আৰম্ভ কৰে। গৃহটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত পুৰণিৰ লগতে অইন চাৰিজনৰ নামত কোঠালী আৱন্টন দি ব্যৱসায় কৰিবলৈ দিয়ে। পিছে দৰিদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰঘু বৰ্মণক কোঠালীৰ পৰা বঞ্চিত কৰে(Bilasipara News)।

অকল এয়াই নহয় দোকানৰ বাবে কোঠালী নিদিয়াকৈ পৌৰসভাখনে ক্ষুদ্ৰ ব্যৱসায়ী জনৰ পৰা বছৰৰ পিছত বছৰ ধৰি কোঠালীৰ বাবদ ভাড়া নিয়মিতভাবে আদায় কৰি আহিছ।

এই সন্দৰ্ভত জিলা আয়ুক্তক অভিযোগ কৰাত ভাড়া লোৱা বন্ধ কৰি এটা তেনেই সৰু কোঠালী আৱন্টন দিব বুলি পৌৰসভাৰ পৰা জানিবলৈ দিছে। যিটো কোঠালী তেৱঁৰ দোকানৰ বাবে পৰ্যাপ্ত নহয়। ক্ষুদ্ৰ ব্যৱসায়ী জনে ন্যায়ৰ বাবে মুখ্যমন্ত্রীলৈ কাতৰ আহ্বান জনাইছে।

লগতে পঢ়ক : WATCH | Bilasipara News : মিনি বাংলাদেশ কাণ্ডকলৈ উত্তাল বিলাসীপাৰা